Show/Hide Keyboard Layout

অ’ জুমে জুমে

- বিষ্ণুপ্ৰসাদ ৰাভা

অ’ জুমে জুমে আহ কেঁচা সোণ

আহ বনুৱাৰ দল

ন-পোহৰৰ জিলিক সানি

যাওঁ আগুৱাই ব’ল ।

যুগমীয়া সাঁচতীয়া

জা জাৱৰি মলি

চিকুণাই যাওঁ গা জোকাৰি

দেহাৰ পুৰণি ধূলি

নতুন সাজত নতুন ভাবত

ন ধৰাত উজ্বলি

আগুৱাই যাওঁ লগৰীয়া‌

দেখুৱাওঁ গাৰ বল

মুকুতিৰ পথ পোহৰাই যাওঁ

আগবাঢ়ো ব’ল ব’ল ।

শাৰী শাৰী পঁজা বাৰী

লাখে লাখে খাল

নিলগৰ পিতনিটোৰ

পিত খোৱা জঞ্জাল

আলান্ধু কলীয়া

ধূলাৰে ৰান্ধোন শাল ।

চাফ কৰি ঘাট, সাজি আলিবাট

দেখুৱাওঁ গাৰ বল

আহ অ’, সমনীয়া

ন-সমাজ গঢ়োঁ ব’ল ।

Hits: 1893